ডিজিটেল ডেস্কঃ আজি মহাবীৰ চিলাৰায়ৰ ৫১৫সংখ্যক জন্মজয়ন্তী। বীৰ চিলাৰায় দিৱস উপলক্ষে আজি ৰাজ্যজুৰি স্মৰণ কৰা হৈছে বীৰ চিলাৰায়ক। কোচ ৰজাৰ নৰনাৰায়ণৰ ভাতৃ তথা সুদক্ষ সেনাপতি চিলাৰায়ৰ প্ৰকৃত নাম আছিল শুক্লধ্বজ।
চিলাৰ দৰে ৰণক্ষেত্ৰত জঁপিয়াই পৰাৰ বাবে এইগৰাকী পৰাক্ৰমী বীৰ চিলাৰায় ৰূপে পৰিচিত হৈছিল। বীৰ যোদ্ধা মহাবীৰ চিলাৰায়ৰ শৌৰ্য আৰু পৰাক্ৰমেৰে ধন্য কৰিছে অসম ভূমি। বীৰ চিলাৰায়ৰ পৃষ্ঠপোষকতাত অসমৰ সমাজ জীৱনত সূচনা হৈছিল এক নতুন যুগৰ।
বীৰ চিলাৰায় অসমৰ ইতিহাসৰ পাটত এগৰাকী সুদক্ষ সেনাপতি বুলি লিপিবদ্ধ আছে। তেওঁৰ জন্ম হৈছিল ১৫১০ খ্ৰীষ্টাব্দত। ১৫৬৩ চনত চিলাৰায়ে অগ্ৰিম সাহসেৰে আহোম ৰাজ্য আক্রমণ কৰি গঢ়গাঁও অধিকাৰ কৰিছিল। যুদ্ধত বহুতো আহোম সৈন্যক চিলাৰায়ে হত্যা কৰে। বহুতো আহোম সৈন্য চিলাৰায়ৰ ভয়ত পলাই যায়।
২০০৫ চনৰে পৰা চিলাৰায়ৰ জন্মদিনটো বীৰ চিলাৰায় দিৱস হিচাপে উদযাপন কৰি আহিছে অসম চৰকাৰে। আনহাতে এই দিৱসতে বিভিন্ন ক্ষেত্ৰত সাহসিকতাৰ পৰিচয় দিয়া বিশেষ ব্যক্তিক চৰকাৰীভাৱে প্ৰদান কৰা হয় বীৰ চিলাৰায় বঁটা। ইয়াৰ বাহিৰেও বীৰ চিলাৰায়ৰ স্মৰণত ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হয় বিশেষ অনুষ্ঠানৰ।
(দৈনিক জনমভূমিৰ প্ৰতিবেদন)
Leave A Comment